মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department গুৱাহাটী তাৰকাগৃহ

দৰ্শনীৰ বিষয়বস্তুৰ বিষয়ে

তিনিটা ভিন্ন দিশৰ বিষয়বস্তুৰ দৰ্শনী হয়-

  • মহাজাগতিক সংঘৰ্ষ– কেইটামান উল্লেখযোগ্য মহাজাগতিক/জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় পৰিঘটনা–বিশ্বব্ৰহ্মাণ্ডৰ জন্মৰ পৰা চন্দ্ৰৰ জন্মলৈ, আকাশীগংগাৰ, শনি গ্ৰহৰ আঙুঠিত অৱস্থিত বৰৰ পাহাৰ অংশ আৰু ধূলিকণাৰে সংঘৰ্ষ, গ্ৰহানু বা গ্ৰহপুঞ্জৰ আমাৰ পৃথিৱীৰে সংঘৰ্ষ আৰু ফলত বিশাল আকৃতিৰ ডাইনোচৰাচৰ দৰে প্ৰাণীৰ বিলুপ্তি ইত্যাদিৰ দৰে পৰিঘটনাৰ প্ৰদৰ্শনেৰে আভাস দিয়াৰ চেষ্টা কৰা হয়।
  • তাৰকালৈ যাত্ৰা – ইয়াৰ বিষয়বস্তু হল, এটি তৰাৰ জীৱনৰ বিভিন্ন দিশ তথা জীৱন পৰিক্ৰমাৰ, বিভিন্ন পৰ্যায়ৰ অৱস্থা জন্মৰ পৰা মৃত্যুলৈ অন্তৰ্দৃষ্টি দিয়া, ভিন্ন ৰঙী, বিভিন্ন আকাৰৰ অগণন নক্ষত্ৰৰ পৰা, বিশ্বব্ৰহ্মাণ্ড ভ্ৰমণ বা যাত্ৰাৰ সম্ভাৱনীয়তা।
  • আমি অকলশৰীয়া নে? জীৱনৰ অনুসন্ধান- পৃথিৱীৰ বাহিৰৰ কৰবাত জীৱৰ সম্ভাৱনা আছেনে? –এই বিষয়বস্তুৰ ওপৰত প্ৰদৰ্শন কৰা হয়। পৃথিৱীত বিশাল ৰূপত উপলব্ধ বিভিন্ন ৰণৰ পৰিবেশ আৰু তাত প্ৰতিপালিত হৈ জীৱন পৰিক্ৰমা পাৰ কৰা, ভিন্ন জীৱসমূহ আৰু আমাৰ সৌৰজগতৰ আন আন ভিন্ন গ্ৰহসমূহত, আৱিস্কাৰ কৰা, বিভিন্ন ধৰণৰ পৰিবেশ আৰু সেইবোৰত জীৱৰ সম্ভাৱনা সম্পৰ্কত।