মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change গুৱাহাটী তাৰকাগৃহ

আমি কি কৰো

  • লক্ষ্য

    তাৰকাগৃহ এক অনন্য প্ৰতিষ্ঠান, যি কৌতুহল আৰু এক বিষ্ময়কৰ বা আশ্বাৰ্যকৰ অনুভূতিৰ আৰু সাধাৰণ মানুহৰ মনত আনন্দ প্ৰদান কৰিব পাৰে। বিশেষকৈ শিশুসকলৰ মনত সৃজনশীলতা আৰু আগ্ৰহ বৃদ্ধিৰ বাবে ই প্ৰয়োজনীয় বা সহায়কাৰী। বিজ্ঞান, প্ৰযুক্তি আৰু গৱেষণাগাৰ অগ্ৰগতি আৰু উন্নয়নৰ বাবে গুৱাহাটী তাৰকাগৃহক ইতিমধ্যেই উচ্চ শিক্ষা আৰু বৈজ্ঞানিক অনুষ্ঠানৰ এক প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হৈছে।

    অভিযান

    সৌন্দৰ্যৰ দিশৰ পৰাও মনোমোহা, তাৰকাগৃহত পদক্ষেপ বা প্ৰজেকচন ব্যৱস্থাৰ প্ৰথম আৰম্ভ হোৱা দিনটো আছিল, ১৯৯৪ চনৰ ১৭ আগষ্টত। ইয়াৰ কাম হৈছে, সকলো শ্ৰেণীৰ মানুহৰ মাজত আকাশ/মহাকাশ বা বিশ্বব্ৰহ্মাণ্ডৰ বিশালতা, বিবিধতা, আদেশ আৰু শব্দ বা সংকেতৰ এক আভাস দাঙি ধৰা। এইখন এখন মানুহৰ মন মগজুক দৈনন্দিন কাৰ্যকলাপৰ চিন্তা ধাৰাতকৈ, উচ্চস্তৰীয় চিন্তা প্ৰদান কৰিব পৰা, এখন অসংখ্য তৰা আৰু অগণন স্বৰ্গীয় বস্তুৰে ভৰা নাটমঞ্চ থকা নাই। নতুনকৈ ইনষ্টল কৰা ষ্টে়ট-অৱ-দ্যা-আৰ্ট জি.অ.টি.অ, জাপানৰ হাইব্ৰিড প্লেনেটেৰিয়াম প্ৰজেকশ্বন ব্যৱস্থাই মাথো বাস্তৱবাদী মহাকাশ সৃষ্ট কৰি প্ৰদৰ্শন কৰাই নহয়, শক্তিশালী ডিজিটেল ভিডিঅ ব্যৱস্থাৰ দ্বাৰা কোটি কোটি বাস্তৱসন্মত তৰাৰ আৰু সকলো ৰঙীন গহ্বৰৰ, গতিশীল প্ৰতিচ্ছবি প্ৰদৰ্শন কৰিবলৈ সক্ষম। এইবোৰৰ উপৰিও তাৰকাগৃহত ইতিমধ্যেই খুব উচ্চমান যুক্ত দূৰবীক্ষণ যন্ত্ৰও উপলব্ধ আছে, যি ছাত্ৰ-ছাত্ৰীৰ দল আৰু জ্যোতিৰ্বিজ্ঞানীক মহাকাশ দৰ্শনৰ বাবে উত্সাহিত কৰি আহিছে।

    উদ্দেশ্য

    গুৱাহাটী তাৰকাগৃহৰ মুখ্য উদ্দেশ্য হল জনসাধাৰণৰ মাজত বৈজ্ঞানিক জ্ঞানৰ প্ৰসাৰ আৰু বৈজ্ঞানিক অনুভূতিৰ জাগ্ৰত কৰা। ছাত্ৰ-ছাত্ৰী আৰু জ্যোতিৰ্বিজ্ঞানী ই মহাকাশ দৰ্শনৰ বাবে উত্সাহিত কৰাৰ লগতে গৱেষণা কাৰ্যত ভাগ লবলৈ অনুপ্ৰেৰণা দিয়ে।