মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change গুৱাহাটী তাৰকাগৃহ

আমাৰ ইতিহাস

  • ১৯৯৪ চনৰ ১৭ আগষ্টতে আৰম্ভ কৰা, গুৱাহাটী তাৰকাগৃহ, অসম আৰু সমগ্ৰ উত্তৰ ভাৰতৰে জ্যোতিৰ্বিজ্ঞান সংক্ৰান্তীয় এক বিশেষ কেন্দ্ৰ। ইয়াৰ বিশেষ গম্বুজ আৰু হেলনীয়া ৱাল, যি দিগন্ত বা দিকবলয়ৰ ক্ষেত্ৰ পৃথক কৰিছে আৰু অসম আৰু উত্তৰ-পূব ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰতেই অতুলনীয় ৰূপে পৰিগণিত। তাৰকাগৃহটোৱে ব্যৱহাৰ কৰা জাপানীজ ছফ্টৱেৰৰো গ’ট’ য়ে যোগান ধৰিছে।

    দৈনন্দিন প্ৰদৰ্শনীৰ বাদেও তাৰকাগৃহই নিয়মিতভাৱে সন্মিলন, কৰ্মশালা আৰু জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় সহধৰ্মিতাৰ উদ্দেশ্যে আলোচনাচক্ৰ আৰু প্ৰদৰ্শনী, কুইজ আৰু গ্ৰহণৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ আৰু স্থানীয় জনসাধাৰণৰ বাবে আকাশ নিৰীক্ষণ সম্পৰ্কীয় কাৰ্যসূচী অনুষ্ঠিত কৰে। তাৰকাগৃহৰ সা-সুবিধাবোৰৰ ভিতৰত এটা পুথিভঁৰালো আছে।

    গুৱাহাটী তাৰকাগৃহ, বৈজ্ঞানিক উত্সুকতাৰে পৰিপূৰ্ণ আৰু যুৱ মানসিকতাক চুই যোৱা আৰু মানৱ অন্বেষণৰ দ্বাৰা শতিকাজুৰি সংগৃহীত গুপ্ত-সম্ভাৰৰ তেওঁলোকক আভাষ দিয়া। বিশেষজ্ঞৰ দ্বাৰা নিয়মিত মহাকাশ নিৰীক্ষণ অনুষ্ঠানৰ উপৰিও, গম্বুজ আকৃতিৰ, মূৰৰ ওপৰৰ পৰ্দাত প্ৰদৰ্শন কৰা বিশেষ প্ৰদৰ্শনী অনুষ্ঠান, তাৰকাগৃহটোৰ মুখ্য আকৰ্ষণ। এই প্ৰদৰ্শনীসমূহ অসমীয়া, হিন্দী আৰু ইংৰাজীত উপলব্ধ। লগতে ইয়াৰ সময়সূচী তাৰকাগৃহ সংগ্ৰহালয়ক পৰ্যাপ্ত মনোসৰঞ্জন দিব পৰাকৈ আৰু বিজ্ঞান বিষয়ৰ প্ৰতি উত্সাহিতসকলক ব্যস্ত ৰাখিব পৰাকৈ ঠিক কৰা হয়।

    সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ভিতৰত গুৱাহাটী তাৰকাগৃহই প্ৰথম বিশেষ হাইব্ৰীড তাৰকাগৃহ প্ৰজেকশ্বন ব্যৱস্থা লাভ কৰিছিল।