সময়ে সময়ে এইবোৰ আয়োজন কৰা হয়। জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় কাৰ্যকলাপৰ ওপৰত প্ৰধানকৈ কৰ্মশালা অনুষ্ঠিত হয়। নিমন্ত্ৰিত বিজ্ঞান শিক্ষকসকলৰ সৈতে ইয়াত অংশগ্ৰহণ কৰিব পাৰি।
পূৰ্বতে অনুষ্ঠিত কৰ্মশালা-
- ২০০৩ চনৰ আগষ্ট মাহত, মংগল গ্ৰহৰ নিকটতম অভিগমনৰ ওপৰত, মংগল গ্ৰহ নিৰীক্ষণ কাৰ্যসূচী
- ২০০৩ চনৰ মে মাহত বুধ গ্ৰহৰ পৰিভ্ৰমণ নিৰীক্ষণ কাৰ্যসূচীয
- পূৰ্ণ গ্ৰাস সূৰ্য গ্ৰহণ – আগষ্ট, ১৯৯৯
- পঞ্চ গ্ৰহ বিন্যাস – মে,২০০২
- বুধ পৰিভ্ৰমণ – মে,২০০৩
- নিকটতম অভিগমন মংগল গ্ৰহ - আগষ্ট,২০০৩
- নিকটতম অভিগমন শনি গ্ৰহৰ – ২০০৪
- শুক্ৰ গ্ৰহৰ পৰিভ্ৰমণ – জুন,২০০৪
- তিনি গ্ৰহৰ সংযোজন – জুন,২০০৫
- বিজ্ঞান প্ৰসাৰ, ডি.এচ.টি, নতুন দিল্লী আৰু প্ৰাগজ্যোতিষ অপেচাদাৰী জ্যোতিৰ্বিদ সংস্থাৰ সু-যোগাযোগৰ অধীনত, সপ্তাহজোৰা জ্যোতিৰ্বিদ্যা সংক্ৰান্তীয় কাৰ্যকলাপৰ এক কৰ্মশালা,২০০৬ চনত গুৱাহাটী তাৰকাগৃহৰ প্ৰাংগনত অনুষ্ঠিত হৈছিল।
- মহাকাশৰ আন দিশসমূহ যেনে- ধুমকেতু আৰু উল্কাবৃষ্টি ইত্যাদি।
- ২০০৯ চনত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ পালনৰ ওপৰত ৰাজ্যজুৰি/সমগ্ৰ দেশতে গণ সজাগতামূলক প্ৰচাৰ অভিযান।
- ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা আৰু বহুলভাৱে বা বিশাল ৰূপত শুক্ৰ পৰিভ্ৰমণৰ ওপৰত ২০১২ চনত অৱলোকন বা পৰ্যবেক্ষণ।